নিউজ ডেস্ক, ৬ মে’- এটা ভুৱা বাতৰিক লৈ অগ্নিগৰ্ভা মণিপুৰত এতিয়াও শাম কটা নাই উত্তেজনা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ভ্ৰমণ কৰাৰ পিছতেই এই উত্তেজনাই অধিক ভয়াৱহ ৰূপ লৈছে। ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
মণিপুৰৰ এই উত্তেজনাত ১১জনকৈ লোক নিহত হোৱাৰ লগতে একুৰিৰো অধিক লোক আহত হৈছে। শাৰী শাৰীকৈ ৰখাই থোৱা বাহনসমূহত অগ্নি সংযোগ কৰিছে দুস্কৃতিকাৰীয়ে। সংঘৰ্ষ , সাম্প্ৰদায়িক আক্ৰমণ ইমানেই বৃদ্ধি পাইছে যে বিজেপি বিধায়কক প্ৰহাৰ আৰু ঘৰ জ্বলাই দিয়াৰ লগতে আয়কৰ বিভাগৰ কৰ্মচাৰীকো হত্যা কৰিছে উত্তেজিত লোকসকলে। বিভিন্ন প্ৰান্তৰ দোকান বজাৰত লোট-পাত চলাই অগ্মি সংযোগ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত।
জনজাতিৰ মৰ্যাদাৰ প্ৰদানক সাম্প্ৰদায়িক সংঘৰ্ষই অধিক ভয়ংকৰ ৰূপ লোৱাত সেনাবাহিনী নিয়োগ কৰা হৈছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত ছাত্ৰ সংগঠনসমূহে দাবী উত্থাপন কৰাৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই সেনাই ফ্লেগ মাৰ্চ কৰিছে স্পৰ্শকাতৰ অঞ্চলসমূত। সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতিগ্ৰস্ত তথা আহতসকলক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ২৭ এপ্ৰিলত চোৰাচান্দপূৰত মুখ্যমন্ত্ৰীৰ এখন সভাস্থলী জ্বলাই দিছিল ক্ষোভিত লোকসকলে। চৰকাৰৰ কিছু কৰ্মকাণ্ডৰ বিৰুদ্ধে ৩ মে’ত সদৌ মণিপুৰী জনজাতি সন্থাই মেইটিৰ জনজাতিকৰণৰ বিৰুদ্ধে সমদল উলিওৱাৰ পিছতেই পৰিস্থিতি অধিক অৱনতি ঘটে। মণিপুৰত উত্তপ্ত পৰিস্থিৰ বাবে মণিপুৰ এৰিছে বৃহৎ সংখ্যক লোকে। অষ্টলক্ষ্মী হিচাপে উত্তৰপূৱক সম্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ব্যস্ত হৈ আছে কৰ্ণাটক নিৰ্বাচনত। আনফালে অগ্নিগৰ্ভা পৰিস্থিত মণিপুৰত।