নিউজ ডেস্ক, ৬ মে’- গহপুৰত জঘন্য ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক পদূলিৰ পৰা অপহৰণ কৰি নি গাড়ীৰ ভিতৰতে ধৰ্ষণ কৰিলে ৫ পাষণ্ডই। ধৰ্ষণ কৰি সমগ্ৰ কাণ্ড মোবাইলত ৰেকৰ্ডিং কৰে৷
শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছত ভুক্তভুগী যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত গহপুৰৰ হাৱাজান আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইকেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ।
এই ঘটনাৰ মূল মাষ্টাৰমাইণ্ড পোৰানচাদগৌৰা বসুমতাৰীয়ে নিজৰ গাড়ীত যুৱতীগৰাকীক লৈ গৈ গাড়ীৰ ভিতৰত ধৰ্ষণ কাণ্ড সংঘটিত কৰে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন চাৰিজন যুৱক হৈছে বিপুল বসুমতাৰী, চংখৰ বসুমতাৰী, চোহেন গয়াৰী আৰু বিজয় মুছাহাৰীয় । বিজয় মুছাহাৰীয়ে সমগ্ৰ ধৰ্ষণ কাণ্ড মোবাইলত ৰেকৰ্ডিং কৰে ।
Comments are closed, but trackbacks and pingbacks are open.