Daily Time Axom

বিয়াৰ পৰা উভতি অহাৰ পথত বাছ দুৰ্ঘটনাত ৫ জন নিহত, ১৭ জন আহত

0 25

বিয়াৰ পৰা উভতি অহাৰ পথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনো যাত্ৰীৰ মৃত্যু হয়। শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ গোপালপুৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল। ৪০ জন যাত্ৰীৰ এখন বাছ এক বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি আছিল। হঠাতে, জালিনৰ মধুগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গোপালপুৰাত এখন গাড়ীয়ে বাছখনৰ পিছফালে খুন্দা মাৰে। তেতিয়াই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত বাগৰি পৰাত ঘটনাস্থলীতে পাঁচজন লোকৰ মৃত্যু হয়। ১৭ জন লোক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। উদ্ধাৰ অভিযান দেওবাৰে ৰাতিপুৱা আৰম্ভ কৰিবলৈ দুৰ্যোগ সঁহাৰি বাহিনীও ঘটনাস্থলীত উপস্থিত হয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। 

Leave A Reply

Your email address will not be published.