Daily Time Axom

চিন্তামণিগড়ত ষষ্ঠ সংখ্যক আন্ত:ক্লাৱ টাইকোৱাণ্ড প্ৰতিযোগিতা অনুষ্ঠিত

0 74

চিন্তামণিগড় কলা কৃষ্টি কেন্দ্ৰত টীয়ক টাইকোৱাণ্ড ট্ৰেনিং চেন্টাৰৰ চিন্তামণিগড় টাইকোৱাণ্ড ক্লাৱৰ উদ্যোগত আজি ২০২৩ বৰ্ষৰ ষষ্ঠ সংখ্যক আন্ত:ক্লাৱ টাইকোৱাণ্ড প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।উক্ত প্ৰতিযোগিতাখনিত অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ পৰাই আগন্তক সময়ত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক নিৰ্বাচন কৰা হব বুলি জানিব পৰা গৈছে।আজি এই প্ৰতিযোগিতাখনিত টীয়ক প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া, যুৱ সাংবাদিক দীপজ্যোতি শইকীয়া,শিক্ষক গজেন ফুকন,সমাজকৰ্মী অৰুণজ্যোতি গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে।ইপিনে গ্ৰাম্যঞ্চলৰ এইদৰে ক্ৰীড়াৰ পৰিবেশ গঢ়ি তুলি নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক শাৰীৰিক মানসিক তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত চিন্তামণিগড় টাইকোৱাণ্ড ক্লাৱে যি পদক্ষেপ গ্ৰহণ কৰিছে এয়া সকলোৱে একেমুখে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.