Daily Time Axom

দেশৰ ৬ ৰাজ্যত গৰম বন্ধ ঘোষণা

0 33

বৰ্ধিত গৰম আৰু হিট ষ্ট্ৰ’কৰ বিধ্বংসী পৰিস্থিতিৰ মাজতে বহু ৰাজ্যত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্মকালীন ছুটীৰ ঘোষণা কৰা হৈছে। য’ত ল’ৰা-ছোৱালীবোৰে গৰমৰ পৰা সকাহ পাব। একে সময়তে শিশুসকলে গ্ৰীষ্মকালীন শিবিৰ আৰু আউটিঙৰ পৰিকল্পনাও কৰিব পাৰে। এই লেখাটোৰ জৰিয়তে আমি ক’ম কোন ৰাজ্যত গ্ৰীষ্মকালীন ছুটী ঘোষণা কৰা হৈছে আৰু দিল্লীত কেতিয়াৰ পৰা গ্ৰীষ্মকালীন ছুটী আৰম্ভ হ’ব।

উৰিষ্যা– এইবাৰ উৰিষ্যাত ৪৩ দিনৰ ছুটী। ইয়াত ৫ মে’ৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ ছুটী, যি ১৮ জুন, ২০২৩ লৈকে চলিব।

মহাৰাষ্ট্ৰ – মহাৰাষ্ট্ৰৰ প্ৰাথমিক, মধ্য আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৫ দিনৰ ছুটীৰ সময়। ইয়াত ২১ এপ্ৰিলৰ পৰা ১৫ জুনলৈকে গ্ৰীষ্মকালীন ছুটী ঘোষণা কৰা হৈছে।

উত্তৰ প্ৰদেশ – উত্তৰ প্ৰদেশৰ বিদ্যালয়সমূহত মুঠ ৪০টা গ্ৰীষ্মকালীন বন্ধ থাকিব। বিদ্যালয়সমূহত এই বন্ধৰ দিন ২১ মে’ৰ পৰা ৩০ জুনলৈ চলি থাকিব।

পশ্চিম বংগ – পশ্চিম বংগত ২৪ মে’ৰ পৰা গ্ৰীষ্মকালীন ছুটী আৰম্ভ হ’ব লাগিছিল যদিও উষ্ণতা বৃদ্ধিৰ বাবে ২ মে’ৰ পৰাই গ্ৰীষ্মকালীন ছুটীৰ ঘোষণা কৰা হৈছে।

হিমাচল প্ৰদেশ – হিমাচল প্ৰদেশৰ গ্ৰীষ্মকালীন ছুটী ৩৮ দিনৰ। ইয়াৰ বিদ্যালয়সমূহত ২২ জুনৰ পৰা ২৯ জুলাইলৈ গ্ৰীষ্মকালীন ছুটী থাকিব।

মধ্য প্ৰদেশ – মধ্য প্ৰদেশৰ বিদ্যালয়সমূহত ১ মে’ৰ পৰা ১৫ জুনলৈ মুঠ ৪৫ দিনৰ বন্ধ থাকিব।

দিল্লী – দিল্লীৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াও গ্ৰীষ্মকালীন ছুটীৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে এই অপেক্ষা অতি সোনকালে শেষ হ’বলৈ গৈ আছে। সাধাৰণতে দিল্লীৰ চৰকাৰী বিদ্যালয়ত গ্ৰীষ্মকালীন ছুটী ১০ মে’ৰ পৰা আৰম্ভ হয়।

Leave A Reply

Your email address will not be published.