Daily Time Axom

ৰাজতন্ত্ৰ বিৰোধী বিক্ষোভৰ বাবে চাৰ্লছৰ ৰাজ অভিষেকৰ পূৰ্বে লণ্ডনত গ্ৰেপ্তাৰ বহুলোক

0 32

তেওঁ ৭০ বছৰৰ পাছত ব্ৰিটেইনৰ নতুন ৰজাৰ মুকুট পিন্ধিছে।

সমগ্ৰ দেশখনতে ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেকক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিবেশ । ইফালে বহু লোকে এই বৰ্ণিল অনুষ্ঠানৰ পূৰ্বে ৰাজতন্ত্ৰ বিৰোধী পদযাত্ৰাত যোগদান কৰে। ৰাজকীয় অনুষ্ঠানৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘ৰিপাব্লিক’ দলৰ ৫২ জন সদস্যক। ইয়াৰ ভিতৰত আছে দলৰ নেতা গ্ৰেহাম স্মিথ।

শনিবাৰে নতুন যুগৰ আৰম্ভণিৰ সাক্ষী হ’বলৈ বৰষুণৰ মাজতো ভিৰ। ৰাজতন্ত্ৰ বিৰোধী দলৰ শ্লোগানে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰে। ‘ৰাজতন্ত্ৰ মৰি যাওক’ বুলি লিখা প্লেকাৰ্ড লৈ বহু লোকে শোভাযাত্ৰাত অংশ লয়। সেই পদযাত্ৰাৰ পৰা আৰক্ষীয়ে ৫২ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

মন কৰিবলগীয়া যে দ্বিতীয় ৰাণী এলিজাবেথৰ দীঘলীয়া ৭০ বছৰীয়া ৰাজত্বৰ অন্ত পৰাৰ পিছত তৃতীয় চাৰ্লছে ৰজা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। নতুন ৰজাৰ ৰাজত্বৰ আৰম্ভণি উদযাপনৰ বাবে দেশত আগন্তুক তিনিদিনৰ বাবে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.