Daily Time Axom

কেৰালাত নিশা ভয়ংকৰ নাওঁ দুৰ্ঘটনা, পৰ্যটকৰ নাওঁ বুৰি ২১ জনৰ মৃত্যু

33

নিউজ ডেস্ক, ৮ মে’- কেৰালাত ভয়ংকৰ নাওঁ দুৰ্ঘটনাত ২১জনৰ মৃত্যু। কেৰালাৰ মল্লপুৰমৰ টনুৰত এখন নাওঁ দুৰ্ঘটনাগ্ৰস্ত হয়। নাওঁখনত আছিল প্ৰায় ৪০গৰাকী পৰ্যটক। সংকটজনক অৱস্থাত ৭জনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা সৰহসংখ্যকেই আছিল শিশু আৰু মহিলা। বৰ্তমানলৈ উদ্ধাৰকাৰীসকলে ২১জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু দুৰ্ভাগ্যবশত: মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলিও আশংকা কৰা হৈছে।

এই দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় তথা কেৰালাৰ ৰাজ্যিক মন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে।

দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।আনহাতে, আহতসকললৈ চিকিৎসাৰ সুব্যৱস্থা ঘোষণা কৰিছে ।

Comments are closed, but trackbacks and pingbacks are open.