মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত শিশু মহিলাসহ ২২গৰাকীকৈ যাত্ৰী

নিউজ ডেস্ক, ৯ মে’- মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত শিশু মহিলাসহ নিহত হয় ২২গৰাকীকৈ যাত্ৰী, আহত হৈছে ৩১ গৰাকী যাত্ৰী৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে যাত্ৰীসহ এখন বাছ ৷

দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৪লাখ টকাৰ সাহায্য মধ্যপ্ৰদেশ চৰকাৰৰ আৰু গুৰুতৰভাৱে আহতলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা৷ লগতে সামান্য আঘাতপ্ৰাপ্তসকললৈ ২৫ হাজাৰ টকাৰ সাহায্য৷

PMNRFৰ তৰফৰ পৰাও ধন আগবঢ়োৱাৰ কথা টুইটযোগে জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নিহতৰ আত্নীয়লৈ ২লাখ টকাৰ সাহায্য ঘোষণা আৰু আহতসকলক দিয়া হ’ব ৫০হাজাৰকৈ টকা৷

AccidentAssamese NewsDaily time axomIndiaInjuredKhargoneKilledMadhya Pradesh