Daily Time Axom

বাইহাটাৰ বেজেৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

41

নিউজ ডেস্ক, ৯ মে’- বাইহাটাৰ বেজেৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ লগতে ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জ্বলি চাৰখাৰ হয়। একাংশ লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

অগ্নিকাণ্ডৰ ফলত ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত থকা কেইবাটাও গেছ ভৰ্তি চিলিণ্ডাৰ এটাৰ পিছত এটাকৈ বিস্ফোৰণ হয়।বাইহাটা চাৰিআলিৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ ৰাওনা হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়।

কিন্তু দুয়োখন বাহনত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাত অগ্নি নিৰ্বাপন নৌহওঁতেই বাহনৰ পানী শেষ হৈ পৰে। স্থানীয় লোকে জনোৱা অনুসৰি প্ৰায় ১০ মিনিট সময় পানী দিয়াৰ পিছত দুয়োখন বাহনৰ পানী শেষ হৈ পৰে।

ফলত স্থানীয় লোক উত্তেজিত হৈ পৰে। উত্তেজিত একাংশ লোকে আগ্নিনিৰ্বাপক বাহিনীৰ বাহন এখনৰ গ্লাছ ভাঙি ক্ষতিগ্ৰস্ত কৰে।

Comments are closed, but trackbacks and pingbacks are open.