‘The Kerala Story’ক লৈ সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ অব্যাহত। ইছলামক প্ৰদূষিত কৰাৰ চেষ্টা, সমাজত ঘৃণাৰ বাৰ্তা, সন্ত্ৰাসবাদ, দেশৰ শান্তি ধ্বংস কৰা ইত্যাদি এই ছবিখনৰ কাহিনীক কেন্দ্ৰ কৰি কেইবাটাও অভিযোগে আগুৰি ধৰিছে। অৱশ্যে উচ্চতম ন্যায়ালয়, কেৰালা আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিৰোধীয়ে দিয়া অভিযোগ খাৰিজ কৰিছে।
কিন্তু সেইটোৱেও প্ৰতিবাদ বন্ধ কৰিব নোৱাৰিলে। কালি পশ্চিম বংগত ‘The Kerala Story’ নিষিদ্ধ কৰা হৈছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব বুলিও ছবিখনৰ নিৰ্মাতাসকলে প্ৰকাশ কৰিছে। ইফালে তামিলনাডুৰ বেছিভাগ মাল্টিপ্লেক্সতে ‘কেৰালা ষ্ট’ৰী’ৰ প্ৰদৰ্শন বন্ধ কৰি দিয়া হৈছে।

এনে পৰিস্থিতিত ছবি নিৰ্মাতাই মুম্বাই আৰক্ষীক অধিক গুৰুতৰ অভিযোগ উত্থাপন কৰে। মুম্বাই আৰক্ষীৰ এক প্ৰতিবেদন অনুসৰি ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ এজন ক্ৰু মেম্বাৰে অজ্ঞাত নম্বৰৰ পৰা ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰে। চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেনে এই ভাবুকি বাৰ্তাৰ বিষয়ে আৰক্ষীক জনায়।
বাৰ্তাটোত কোৱা হৈছিল যে ব্যক্তিজন অকলে ঘৰৰ পৰা ওলাই নাযাব। সিহঁতে কাহিনীটো বৰ ভাল কাম নকৰিলে। ইতিমধ্যে আৰক্ষীয়ে ক্ৰু মেম্বাৰজনক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। কিন্তু এই সন্দৰ্ভত কোনো এফআইআৰ ৰুজু হোৱা নাই কাৰণ তেওঁলোকে এতিয়াও লিখিত অভিযোগ পোৱা নাই।
ৰাজ্যখনত ‘শান্তি বজাই ৰখা’, ‘ঘৃণা আৰু হিংসা’ৰ ঘটনাৰ পৰা হাত সাৰিবলৈ পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখন। ছবিখনত তিনিগৰাকী মহিলাৰ কষ্টৰ বৰ্ণনা কৰা হৈছে। যিসকলক বিবাহৰ প্ৰতিশ্ৰুতিৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি আইছিছৰ শিবিৰত সৰবৰাহ কৰা হৈছিল। বিজেপি শাসিত মধ্যপ্ৰদেশত ছবিখন কৰমুক্ত হোৱাৰ পাছতো ইয়াক লৈ অব্যাহত আছে ৰাজনৈতিক হুলস্থুল।

অৱশ্যে এই নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই ছবিখনৰ প্ৰযোজক বিপুল অমৃতলাল শ্বাহে এই সিদ্ধান্তৰ বিৰুদ্ধে আইনী বিকল্প গ্ৰহণ কৰিব বুলি কয়। ‘দ্য কেৰেলা ষ্ট’ৰী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদা শৰ্মা, যোগিতা বিহানী, সিদ্ধি ইদনানী আৰু ছোনিয়া বালানীয়ে।
ছবিখনৰ ট্ৰেইলাৰত কেৰালাৰ ৩২ হাজাৰ মহিলা নিৰুদ্দেশ হৈ সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি দাবী কৰাৰ পিছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হয়। পিছত ট্ৰেইলাৰৰ পৰা বিতৰ্কিত ছবিখন প্ৰত্যাহাৰ কৰা হয়।