নিউজ ডেস্ক, ৯ মে’- পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে THE KERALA STORY। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিলে এই ঘোষণা। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে কোনোপধ্যেই ঘৃণা সহ্য নকৰে। চৰকাৰৰ মূল উদ্দেশ্য হৈছে শান্তি বজাই ৰখা, সেইবাবেই ৰাজ্যত ‘দ্য কেৰালা ষ্ট’ৰী’ নিষিদ্ধ কৰা হৈছে। সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কেৰালা ষ্ট’ৰী চিনেমাখনক লৈ ক্ষোভ প্ৰকাশ কৰে।
লগতে তেওঁ কয় যে, কাশ্মীৰ ফাইলছৰ পিছত আন এখন চিনেমা নিৰ্মাণ কৰা হৈছে, য’ত ইতিহাস বিকৃত কৰা হৈছে। লগতে চিপিএম আৰু বিজেপিৰ গোপন বুজাবুজিৰ অভিযোগো উত্থাপন কৰে।
সমগ্ৰ দেশতে মুক্তি পোৱা ছবিখনে বিতৰ্কৰ সৃষ্টি কৰিছে। কলকাতাতো ৫ মে’ত মুক্তি লাভ কৰিছিল, কিন্তু মাত্ৰ তিনিদিন পিছত অৰ্থাৎ ৮ মে’ত মুখ্যমন্ত্ৰীয়ে এই ছবিখন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।