Daily Time Axom

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ

32

নিউজ ডেস্ক, ১০ মে’-আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত নিৰ্মাণ হৈছে কলাক্ষেত্ৰখন। প্ৰায় ৪৫ বিঘা মাটিকালিত নিৰ্মাণ হৈছে এই প্ৰকল্প। আনহাতে ৫৩.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই কলাক্ষেত্ৰ।

কলাক্ষেত্ৰখনৰ ভূমিদাতা শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত দেৱ গোস্বামী। ২০০৭ চনত মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে স্থাপন কৰিছিল কলাক্ষেত্ৰখনৰ আধাৰশিলা। প্ৰায় ১৬ বছৰৰ অন্তত সম্পূৰ্ণ হৈ উঠিল কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য। মাধৱদেৱ কলাক্ষেত্ৰখনৰ মুকলিক লৈ ৰাইজৰ মাজত আনন্দ-উছাহ দেখিবলৈ পোৱা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.