নিউজ ডেস্ক, ১০ মে’- গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ।পল্টনবজাৰ ৰে’লৱে আৰক্ষীৰ নিয়মীয়া অভিযানত জব্দ কৰা হয় ৫৭ লাখ ৫০ হাজাৰ টকা। দুটাকৈ ব্ৰীফকেছত দুজন লোকে লৈ আহিছিল এই বৃহৎ পৰিমানৰ ধনখিনি। ডিব্ৰুগড়-গুৱাহাটী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় ধনখিনি।
আটক কৰা হয় ২ সৰবৰাহকাৰী ঋষিকেশ কুমাৰ আৰু তালউইছ খান। ৰে’ল আৰক্ষীয়ে প্ৰাৰম্ভিক সোধাপোচ কৰিছে যদিও লোক দুজনে সেয়া ব্যৱসায় সংক্ৰান্তীয় ধন বুলি দাবী কৰে। জব্দকৃত ধনখিনি আয়কৰ বিভাগলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।
Comments are closed, but trackbacks and pingbacks are open.