নিউজ ডেস্ক, ১০ মে’- আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল। ২২৪খন আসনৰ বাবে আৰম্ভ নিৰ্বাচনী যুঁজ। ৫.২১ কোটি ভোটাৰে নিৰ্ণয় কৰিব ২,৬১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রতিটো ভোটগ্রহণ কেন্দ্রত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে প্ৰশাসনে।
উল্লেখ্য যে, এই নিৰ্বাচনত কেইবাটাও স্থানীয় দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মুখ্য দলসমূহ হৈছে বিজেপি, কংগ্ৰেছ আৰু জেডি(এছ)।