নিউজ ডেস্ক, ১১ মে’- দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু। ১ কোটি টকাৰ মানহানি গোচৰ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ।
ইয়াৰোপৰি, অভিজিৎ শৰ্মাই ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ ‘JUSTICE FOR THE JUDGE’ নিষিদ্ধ কৰিবলৈও গোচৰ দিছে। এই গ্ৰন্থখনত কিছু আপত্তিজনক তথ্য সন্নিবিষ্ট হোৱা বুলি অভিজিৎ শৰ্মাই অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে, এই সন্দৰ্ভত কামৰূপ দেৱানী আদালতত ২৬১/২০২৩আৰু ৪৪৭/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.