নিউজ ডেস্ক, ১১ মে’- পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ চিলাপথাৰত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত হয় ডকাইত লখিন্দ্ৰ বাছফৰ৷ চিলাপথাৰৰ মিলনপুৰত মাজনিশা সংঘটিত হয় এই ঘটনা৷
ডকাইতৰ দলটোত আছিল ৩জন সদস্য৷ প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ডকাইতৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত ভৰিত গুলী লাগে লখিন্দ্ৰ বাছফৰৰ৷
ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন দুটা ডকাইতে৷ আহত ডকাইতটোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ডকাইতৰ দলটোৰ পৰা দুখন দা, ৰড, নগদ ধন, এখন অল্ট’ বাহন জব্দ কৰে আৰক্ষীয়ে।
Comments are closed, but trackbacks and pingbacks are open.