নিউজ ডেস্ক, ১২ মে’- গুজৰাটৰ আহমেদাবাদৰ ভেজলপুৰত অঘটন৷ হঠাৎ খহি পৰে এটা ৩ মহলীয়া অট্টালিকা৷ অগ্নি নিৰ্বাপক বিভাগ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অট্টালিকাটোৰ পৰা ২৬ গৰাকী লোকক সুকলমে উদ্ধাৰ৷
জানিব পৰা মতে, ভেজলপুৰৰ য়াছমিন চছাইটিৰ গোল ফ্লেট নামৰ ভৱনটো ৫০ বছৰ পুৰণি আছিল আৰু আহমেদাবাদ পৌৰ নিগমে অসুৰক্ষিত বুলি ঘোষণা কৰিছিল। ইয়াৰ আবাসীসকলক খালী কৰিবলৈ জাননী জাৰি কৰিছিছিল। কিন্তু পৌৰ নিগমৰ সতৰ্কবাণী উপেক্ষা কৰি ২৪ টা পৰিয়ালে জৰাজীৰ্ণ অট্টালিকাটোত বাস কৰি আছিল।
Comments are closed, but trackbacks and pingbacks are open.