ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১২ মে’- আজি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰে।

পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আতা বন্দিয়ালে দিয়া এক শুনানিত কয় যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই ন্যায়ালয়ৰ কোনো অনুমতি অবিহনে ইমৰান খানক বলপূৰ্বক গ্ৰেপ্তাৰ কৰি লৈ যোৱা কাৰ্য এক বেআইনী কাৰ্য।

উল্লেখ্য যে, মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই বলপূৰ্ব গ্ৰেপ্তাৰ কৰি নিছিল। এই গ্ৰেপ্তাৰৰ পাছতেই সমগ্ৰ দেশখনত প্ৰতিবাদৰ জুই পৰিলক্ষিত হৈছিল। প্ৰতিবাদৰ বাবে শতাধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Assamese NewsDaily time axomImran KhanIndiaInternationalPakistanReleaseSupreme Court