Daily Time Axom

তামিলনাডুৰ উত্তৰ অঞ্চলত ভয়ংকৰ ঘটনা, বিষাক্ত সুৰা সেৱন কৰি ১১জন লোকৰ মৃত্যু

44

নিউজ ডেস্ক, ১৫ মে’- তামিলনাডুৰ দুটা পৃথক স্থানত বিষাক্ত সুৰা সেৱন কৰি ১১জন লোকৰ মৃত্যু ।ভিল্লুপুৰম জিলাত সাতজন আৰু চেঙ্গালপট্টু জিলাত চাৰিজনৰ মৃত্যু হয়।

আনহাতে ৩০ জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বিষাক্ত সুৰা যোগান ধৰাৰ অভিযোগত ২জনক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ মণ্ডলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া কান্ননে কয় যে, পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকসহ মুঠ সাতজন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে মৃত লোকসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু চিকিৎসাধীনসকলৰ বাবে ৫০,০০০ টকা আৰ্থিক সাহাৰ্য ঘোষণা কৰে।

Comments are closed, but trackbacks and pingbacks are open.