নিউজ ডেস্ক, ১৫ মে’- বিলাসীপাৰাৰ বাঙালীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা |দুখন তীব্ৰবেগী বাইকৰ মুখামুখী সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত হয় দুই বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় আন দুজন বাইক আৰোহী।
দুৰ্ঘটনাত নিহত হয় নায়েৰ আলগাৰ ছবুৰ আলী আৰু বান্ধৱপাৰাৰ ইছলাম আলী বুলি চিনাক্ত কৰা হয়। আহত আন দুজন বাইক আৰোহী হ’ল ছাদ্দাম হুছেইন আৰু ছামিউল হক। আহতদ্বয়ক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পটাললৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS17K – 8155 আৰু AS17M – 5938।