নিউজ ডেস্ক, ১৫ মে’- কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আদালতৰ চমন৷ পঞ্জাবৰ চাংৰুৰ আদালতে দিছে এই চমন৷১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে ‘বজৰং দল হিন্দ’ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে।
১০ জুলাইত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অধ্যক্ষগৰাকীক৷ নিৰ্বাচনী প্ৰচাৰ সভাত বজৰং দলক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বজৰং দল হিন্দৰ প্ৰতিষ্ঠাপকে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতৰ এই নিৰ্দেশ৷
অভিযোগ অনুসৰি খাৰ্গেই বজৰং দলত নিষিদ্ধ ইছলামিক সংগঠন পপুলাৰ ফন্ট অফ ইণ্ডিয়াৰ লগত তুলনা কৰিছিল।