Daily Time Axom

আজিৰে পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত হ’ব উপায়ুক্তসকলৰ বৈঠক

37

নিউজ ডেস্ক, ১৫ মে’- আজিৰে পৰা তিনিচুকীয়াত উপায়ুক্ত সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাত নতুনত্বৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পঞ্চমখন সন্মিলন৷ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ ৰূপৰেখা অংকন কৰা হ’ব এই সন্মিলনত৷

ডিব্ৰুগড়, ডিগবৈতো দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰিব উপায়ুক্তসকলে৷ ৫ জনকৈ অতিৰিক্ত মুখ্য সচিবৰ তত্ত্বাৱধানত হ’ব এই বৈঠক৷১৬ আৰু ১৭ মে’ত প্ৰতিখন জিলাৰ উপায়ুক্তসকলৰ সৈতে বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Comments are closed, but trackbacks and pingbacks are open.