নিউজ ডেস্ক, ১৫ মে’-শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰ-বলেৰ’ পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলাসহ দুজন লোক৷ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ সমীপত এই ঘটনা সংঘটিত হয়৷ সংকটজনক অৱস্থাত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল ডাম্পাৰখন। পাঁচজন লোক আছিল বলেৰ’ পিকআপ বাহনখনত। দুৰ্ঘটনাগ্ৰস্ত লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
Comments are closed, but trackbacks and pingbacks are open.