আজি দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন

নিউজ ডেস্ক, ১৬ মে’- আজি অনুষ্ঠিত হৈছে প্রধানমন্ত্রী ৰোজগাৰ মেলা। দেশৰ ৭১ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰা হ’ব। দিনৰ ১০.৩০ বজাৰ পৰা দেশৰ ৪৫টা কেন্দ্রত আয়োজন এই কাৰ্যসূচীৰ।ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে৷ বৰ্তমানলৈকে ১.৪৬ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতো এই নিযুক্তি প্ৰদান কৰা হৈছে। এই নতুন নিযুক্তিসমূহ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ত ডাক পৰিদৰ্শক, কেৰাণী, কনিষ্ঠ একাউণ্ট কেৰাণী, ট্ৰেক মেইণ্টেইনাৰ, অফিচাৰ, নিম্ন সংমণ্ডল কেৰাণী, মহকুমা বিষয়া, কৰ সহায়ক, সহকাৰী বলবৎকাৰী বিষয়া, পৰিদৰ্শক, নাৰ্চিং বিষয়া, সহকাৰী নিৰাপত্তা বিষয়া, অগ্নিনিৰ্বাপক বাহিনীৰ, সহকাৰী একাউণ্ট বিষয়া, সংমণ্ডল একাউণ্টেণ্ট, নিৰীক্ষক, কনিষ্টবল, মুখ্য কনিষ্টবল, সহকাৰী কমাণ্ডেণ্ট, অধ্যক্ষ, পদসমূহত প্ৰশিক্ষিত স্নাতক শিক্ষক, সহকাৰী পঞ্জীয়ক, সহকাৰী অধ্যাপক আদি থাকিব।

AppointmentAssamese NewsDaily time axomIndiaNarendra ModiRojgar Mela