Daily Time Axom

লণ্ডনত অনুষ্ঠিত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত’ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনলৈ

34

নিউজ ডেস্ক, ১৬ মে’- আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা।লণ্ডনত অনুষ্ঠিত ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত এই সন্মান আগবঢ়োৱা হৈছে অভিনেতাগৰাকীক । “ফুটপ্রিণ্টছ অন ৱাটাৰ” নামৰ চলচ্চিত্রখনৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা।

উল্লেখ্য যে, ১৩ মে’ত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰিমিয়াৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ ৷ উক্ত ছবিখনৰ পৰিচালনা কৰে নাটালিয়া শ্যামে। ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱাৰ সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে ৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাছত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা কৰা হৈছে ছবিখনত ৷

Comments are closed, but trackbacks and pingbacks are open.