Daily Time Axom

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত SI জোনমণি ৰাভা

33

নিউজ ডেস্ক, ১৬ মে’-ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভা। জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ। জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা।

জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে।

ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় । পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.