চিকিৎসালয়ৰ পৰা নিদিলে এম্বুলেঞ্চ, বাইকত কন্যাৰ মৃতদেহ লৈ ঘৰলৈ যাত্ৰা পিতৃৰ

চিকিৎসালয়ত নাছিল এখনো এম্বুলেন্স।

নাবালিকা কন্যাৰ মৃতদেহ লৈ পিতৃয়ে বাইকেৰে ঘৰলৈ ৰাওনা হয় তেওঁ। মধ্যপ্ৰদেশৰ শ্বাহদলত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে লক্ষ্মণ সিঙৰ ঘৰ কোটা গাঁৱত। শ্বাহদলৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত। সোমবাৰে নিশা চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ ১৩ বছৰীয়া নাবালিকা কন্যাৰ মৃত্যু হয়।

লক্ষ্মণে ছোৱালীজনীৰ মৃতদেহ ঘৰলৈ নিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেন্স বিচাৰিছিল। কিন্তু চিকিৎসালয়খনে জনাই যে এম্বুলেন্সখন ১৫ কিলোমিটাৰতকৈ বেছি নাযায়। ইয়াৰ পিছত লক্ষ্মণে এখন বাইকৰ পিছফালে ছোৱালীজনীৰ মৃতদেহ লৈ ৭০ কিলোমিটাৰ পাৰ যায়। অভিযোগ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষই লক্ষ্মণক গাড়ীখন আনিবলৈ কয়, কিন্তু টকাৰ অভাৱত তেওঁ এখন ডাঙৰ গাড়ী আনিব নোৱাৰি বাইকত উঠাই লৈ যায় ছোৱালীজনীৰ মৃতদেহ।
খবৰ অনুসৰি লক্ষ্মণ ঘৰলৈ ২০ কিলোমিটাৰ থকাৰ সময়ত শ্বাহদল জিলাৰ দণ্ডাধীশ বন্দনা বৈদ্যই ঘটনাটো দেখে। পাছত তেওঁ এম্বুলেন্স এখন মাতে। লগতে জিলা দণ্ডাধীশে লক্ষ্মণৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। আৰু ঘটনাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিয়ে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment