নিউজ ডেস্ক, ১৭ মে’- আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ। শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত।আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত আজি হাজিৰ কৰোৱা হ’ব আদালতত।
উল্লেখযোগ্য যে, সোমবাৰে ডাঃ ৱালিউল ইছলামক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে ৱালিউল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।