ধেমাজিৰ বঙালমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১৭ মে’- ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ বঙালমাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত কেশৱ নাথ নামৰ ডকাইতটো। আক্ৰমণ কৰি পলাবলৈ লওঁতেই ডকাইতটোক গুলীয়ালে আৰক্ষীয়ে।

উল্লেখ্য যে, ৪ মে’ত চুকাফা নগৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল কেশৱ নাথ। ডকাইতিত ব্যৱহৃত পিষ্টলৰ সম্ভেদ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান। তেনে সময়তে পিষ্টলটো চমজাই দিয়াৰ ছলেৰে আৰক্ষীক গুলীয়াবলৈ উদ্যত হৈছিল ডকাইত কেশৱ নাথ। প্ৰত্যুত্তৰত ডকাইতটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। সম্প্ৰতি ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ডকাইতটো।

AssamAssamese NewsDaily time axomDhemajiEncounterIndiaInjured