অসমৰ বিহুৱে ইতিমধ্যে গ্ৰীনিজ বুক ওফ ৱাৰ্ল্ডত নাম অন্তৰ্ভুক্ত কৰিলে। ৰাজ্য চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ১১,৩০৪ গৰাকী সমূহীয়াকৈ বিহু নৃত্য প্ৰদৰ্শনৰে বিশ্বৰ ইতিহাসত নাম অন্তৰ্ভুক্ত কৰিলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নলবাৰীৰ পৰাও প্ৰায় তিনি শতাধিক বিহুৱা-ঢুলীয়াই উক্ত বিহু প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল। বৃহস্পতিবাৰে নলবাৰী চহৰস্থিত নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলাৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা আৰু সাংস্কৃতিক কোষৰ সহযোগত নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা বিহু নৃত্য শিল্পী আৰু বিহু বাদ্যকাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।।অনুষ্ঠানত প্ৰায় তিনি শতাধিক বিহুৰ শিল্পীক সম্বোৰ্ধিত কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা,বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংগ তালুকদাৰ,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,জিলা পৌৰ সভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ পাঠক সহিতে বিজেপিৰ জিলা,যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকল আৰু বিহু নৃত্যৰ শিল্পীসকল।। ভাষন প্ৰসংগত আটাইকেইগৰাকী বক্তাই প্ৰথমতে বিহু নৃত্যৰ শিল্পীসকলক ধন্যবাদ জনাই। লগতে অসমীয়া বিহুক বিশ্বৰ দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সহিতে চৰকাৰক শলাগ জনায়। আনহাতে,অসমীয়া সংস্কৃতিৰ অন্যতম বিহুক ৰক্ষাৰ্থে প্ৰতিজন অসমীয়াক আগভাগ ল’বলৈ আহ্বান জনাই। লগতে ৰাজ্য চৰকাৰে বিহুক কেন্দ্ৰ কৰি এক বিহুৰ উদ্যোগ গঢ়ি অসমীয়া যুৱক-যুৱতীক সংস্থাপন কৰাৰো অন্যতম লক্ষ্য বুলিও উল্লেখ কৰে।।