পুনৰ টীয়কত অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত পথে প্ৰাণ ল’লে এজন যুৱকৰ

নিউজ ডেস্ক, ১৮ মে’-টীয়কৰ জগদুৱাৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা। টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলঙত গাড়ীসহ সোমাই এজন নিহত হয়। দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম ভাস্কৰ বৰ্মন। নিহত যুৱকজনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদামত বুলি জানিব পৰা গৈছে। দূৰ্ঘটনাগ্ৰস্ত টয়টা ইত্ৰিয়চ গাড়ী খনৰ নম্বৰ AS-06-P-9587। নিহত যুৱকজন অ’ এন জি চিত কৰ্মৰত আছিল।

নাজিৰাৰ অ’ এন জি চি ক’লনিৰ পৰা যোৰহাটৰ কৰ্মস্থলীলৈ আহি আছিল ভাস্কৰ বৰ্মন। তেনেতে পথৰ এনে দুৰবস্থা তথা পথ নিৰ্মাণৰ কোনো সাংকেতিক চিহ্ন নথকাৰ ফলত এইদৰে অৰ্ধনিৰ্মিত দলঙত সোমাই প্ৰাণ হেৰুৱালে বৰ্মনে।

ইতিমধ্য টীয়ক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

AccidentAssamese NewsDaily time axomDeathGuwahatiIndiaJorhat