নিউজ ডেস্ক, ১৮ মে’- ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডত অভিযুক্ত কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড।১৫২ পৃষ্ঠাৰ ৰায়দানত আছে ৬১জন ব্যক্তিৰ সাক্ষ্য। ৰায়দানত আদালতে কিৰো মেচক দোষী সাব্যস্ত কৰিছিল। সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে আদালতে।
২০১৪ চনৰ ৯ ফেব্ৰুৱাৰীৰ পুৱা ডাঃ সৰিতাৰ মৃতদেহ উদ্ধাৰ হৈছিল AMCHত। ICUত কৰ্মৰত অৱস্থাত ডাঃ সৰিতা তছনিৱালক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।
উল্লেখযোগ্য যে, বুধবাৰে ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। ৯ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে আদালতে।
Comments are closed, but trackbacks and pingbacks are open.