Daily Time Axom

কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা

57

নিউজ ডেস্ক, ১৮ মে’- কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা। মিঠাতেলৰ সলনি ফেনাইলেৰে খাদ্য ৰান্ধিলে ৰান্ধনিয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ।

বুধবাৰে কচুৱাৰ ৰজাগাঁৱৰ দক্ষিণ জ্বৰবাগান প্ৰাথমিক বিদ্যালয়ত দুপৰীয়া মধ্যাহ্ন ভোজনৰ খাদ্য খাই অসুস্থ হৈ পৰিছিল প্রায় ২০০ ছাত্র ছাত্ৰী। লগে লগে ছাত্র-ছাত্ৰী সকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে কামপুৰ আৰু নগাঁও লৈ প্রেৰণ কৰা হৈছিল। বৰ্তমান বহু ছাত্র-ছাত্ৰী অসুস্থ হৈ আছে যদিও প্ৰধান শিক্ষয়িত্রী সুনালী পাঠকে ছাত্র ছাত্ৰী সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত সচেতন মহলে তীব্ৰ গৰিহনা দিছে।

আনফালে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজাববীয়াকৈ ৰান্ধনীসকলক নিযুক্তি দিয়া বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।। বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্যত কি দৰে ফেনাইল মিহলি হ’ব পাৰে তাৰ এক উচিত তদন্ত বিচাৰি ৰাইজে কচুৱা থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

Comments are closed, but trackbacks and pingbacks are open.