“মই তেওঁলোকৰ সৈতে স্বাভাৱিক সম্পৰ্ক বিচাৰো, কিন্তু…”,মোডীৰ মন্তব্য

ভাৰতে পাকিস্তানৰ সৈতে “স্বাভাৱিক আৰু চুবুৰীয়া সম্পৰ্ক” বজাই ৰাখিব বিচাৰে। কিন্তু সন্ত্ৰাসবাদৰ পৰা মুক্ত অনুকূল পৰিৱেশ গঢ়ি তোলা আৰু প্ৰয়োজনীয় পদক্ষেপ লোৱাটো ইছলামাবাদৰ দায়িত্ব,এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সাক্ষাৎকাৰত।

শুকুৰবাৰে জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে হিৰোছিমাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। আৰু ইয়াৰ পিছত তেওঁ এছিয়াৰ অন্যতম আগশাৰীৰ ব্যৱসায়িক সংবাদ মাধ্যমৰ গোট নিক্কেই এছিয়াৰ সৈতে কথা পাতিছিল। তেতিয়াই তেওঁ ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কৰ কথা কোৱা শুনা গ’ল। তেওঁ কয় যে ভাৰতে চুবুৰীয়া দেশৰ সৈতে স্বাভাৱিক সম্পৰ্ক বজাই ৰাখিব বিচাৰে। কিন্তু মোদীয়ে সোঁৱৰাই দিয়ে যে সন্ত্ৰাসবাদ আৰু শত্ৰুতামুক্ত পৰিৱেশ গঢ়ি তোলাটো পাকিস্তানৰ দায়িত্ব। মন কৰিবলগীয়া যে ভাৰতে বাৰে বাৰে কৈ আহিছে যে সন্ত্ৰাসবাদক উচটনি দিয়া আৰু পাকিস্তানৰ সৈতে আলোচনা একেলগে কৰিব নোৱাৰি। নতুন দিল্লীয়ে ইছলামবাদক সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে।

কেৱল পাকিস্তানে নহয়, চীনৰ সৈতে সম্পৰ্কও আলোচনাত আহে। তেওঁ অৱগত কৰে যে ভাৰত নিজৰ সাৰ্বভৌমত্ব আৰু মৰ্যাদা ৰক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত আৰু প্ৰতিশ্ৰুতিবদ্ধ। মোডীৰ ভাষাত ক’বলৈ গ’লে, “চীনৰ সৈতে স্বাভাৱিক দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰথমে সীমান্তত শান্তি বজাই ৰখাটো প্ৰয়োজনীয়। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ভৱিষ্যত নিৰ্ভৰ কৰে পাৰস্পৰিক সন্মান, পাৰস্পৰিক স্বাৰ্থ আৰু সংবেদনশীলতাৰ ওপৰত।”

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment