২০০০ টকীয়া নোট বাতিল হ’ব ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে তথ্য

২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰৰ পিছত বাতিল কৰিবলৈ গৈ আছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিত এনে নিৰ্দেশ দিছে। তাৰ আগতে সাধাৰণ মানুহে ২০০০ টকীয়া নোট আটাইকেইটা জমা কৰিব লাগে। জনা যায় যে, ৰিজাৰ্ভ বেংকৰ ১৯টা আঞ্চলিক কাৰ্যালয়কে ধৰি বাকী থকা বেংকসমূহত সাধাৰণ লোকে ২০০০ টকীয়া নোট জমা কৰিব পাৰে।

অহা ২৩ মে’ৰ পৰা লোকসকলে বেংকত ধন জমা কৰিব পাৰিব। তাৰ পৰিৱৰ্তে কম মূল্যৰ ধন বেংকে দিব। দেশৰ সকলো বেংকত ২০০০ টকীয়া নোট ব্যৱহাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছত ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হয়। এক বিবৃতিত আৰ বি আইয়ে কয় যে বজাৰত অন্য মূল্যৰ পৰ্যাপ্ত নোট প্ৰৱেশ কৰাৰ পিছত ২০০০ টকীয়া নোটৰ ছপা বন্ধ কৰা হয়। নোট সলনি কৰাৰ সময় অহা ছেপ্টেম্বৰলৈ দিয়া হৈছে। অৱশ্যে প্ৰয়োজন হ’লে আৰ বি আইয়ে সেই সময়সীমা বৃদ্ধি কৰিব পাৰে বুলি বাতৰিৰ সূত্ৰই প্ৰকাশ কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment