Daily Time Axom

মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ বাহনৰ খুন্দাত নিহত সপ্তম শ্ৰেনীৰ ছাত্ৰ

42

নিউজ ডেস্ক, ১৯ মে’-মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ অতিৰিক্ত উপায়ুক্তৰ বাহনে মহটিয়ালে দুজনকৈ ছাত্ৰক৷ দুৰ্ঘটনাত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু৷ মলয় নাথ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনো গুৰুতৰভাৱে আহত হয়৷ বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন৷ উপায়ুক্তৰ লগত গড়মূৰলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়৷

আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাক কেন্দ্র কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত চিআৰপিএফৰ জোৱান মোতায়ন কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.