Daily Time Axom

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

36

নিউজ ডেস্ক, ১৯ মে’- SI জোনমণি ৰাভাৰ মৃত্যুৰ চাঞ্চল্যই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নিতৌ ন ন তথ্য ওলাই পৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰকাশ পাইছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য।

এই প্ৰতিবেদনত দেহৰ ভিন্ন স্থানত আঘাত পাইছিল জোনমণিয়ে৷ জোনমণি ৰাভাৰ মূৰৰ পিছ অংশতহে গুৰুতৰ আছিল আঘাতৰ চিন৷ আঘাতৰ বাবে প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হৈছিল জোনমণিৰ৷ আঁঠু, ভৰি, কিলাকুটি আৰু কপালৰ লগতে তলপেটতো আঘাতৰ চিন স্পষ্ট৷ পিঠি, বহু স্থানত কামিহাড় ভঙাৰ তথ্যও স্পষ্ট হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত।

Comments are closed, but trackbacks and pingbacks are open.