উত্তৰ গুৱাহাটীত আয়োজিত হৈছে বাথৌ পূজা

উত্তৰ গুৱাহাটীত ছলিছে তেত্ৰিশ কোটি দেৱতাৰ পূজা অৰ্চনা । তেত্ৰিশ কোটি দেৱতাৰ বাবে ভাগে ভাগে পূজা অৰ্চনা ৰাইজৰ । শস্য শ্যামলা ধৰণী আৰু বৰষুণৰ বাবে বড়ো চিখলাৰ কাকুতি মিনতি বাথৌ দেৱতাৰ ওচৰত । মাদল চিফুঙৰ সুৰত উদবাউল হৈ খেৰাই নৃত্যত বিভোৰ বড়ো ৰমণী। খেৰাই নৃত্যত দেৱগণ সন্তুষ্ট হৈ ধৰালৈ সম্ভৱনাৰ বৰষুণ নমায় । যি বৰষুণে কৃষকক দিয়ে জীৱনী শক্তি । নতুন উদ্যমেৰে বছৰৰ আৰম্ভণিতে তঙালি বান্ধে সদৌটিয়ে । উত্তৰ গুৱাহাটী কটাহ বজাৰ গাঁৱত দুদিনীয়াকৈ আয়োজিত হৈছে বাৰ্ষিক বাথৌ পূজা । মধুপুৰ ইটাখুলিৰ বাথৌ মন্দিৰত বৈদিক পূজা পাৰ্বনৰ পিছত কটাহ বজাৰৰ ৰাজহুৱা মন্দিৰত চলিব ওৰে নিশা খেৰাই পূজা আৰু পুজাৰ অন্তত পুৱা ধৰ্মীয় শোভাযাত্ৰাৰে প্ৰতীকী কলৰ নাৱত লুইতত বিসৰ্জন দিয়া বাথৌ দেৱতাক । বছৰটো সকলোকে কুশলে ৰখাৰ বাবে ৰাইজে আঠু লয় বাথৌ দেৱতাৰ ওচৰত ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment