নাৰেংগী স্থিত কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে দিব্যাংগ ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ হস্তক্ষেপৰ দাবী

ৰাজ্যত এতিয়া চলিছে শিশু নিৰ্যাতনৰ প্ৰতিযোগিতা। এফালে সংগীতা দত্তই চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ আনফালে এগৰাকী শিক্ষয়িত্ৰীয়ে দিব্যাংগ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে অভিভাৱকে । অভিভাৱকৰ অভিযোগ মতে নাৰেংগীৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰা তেওঁলোকৰ দিব্যাংগ কন্যাক বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কৰৱী শালৈয়ে এটা সৰু কাৰণতে নিৰ্যাতন চলাই হাৰাশাস্তি কৰে যদিও বিদ্যালয়খনৰ মহন্ত উপাধিধাৰী প্ৰধান শিক্ষকগৰাকীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰি চকু মুদা কুলিৰ ৰূপ ধাৰণ কৰে।

তদুপৰি সচেতন ৰাইজে সাংবাদিকক অভিযোগ দি কয় যে বিদ্যালয়খনৰ দুগৰাকীমান শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ মূল্যবান সময় ছাত্ৰ-ছাত্ৰীক দিয়াৰ পৰিবৰ্তে অধিক সময় মোবাইলতে ব্যস্ত থাকে। উল্লেখ্য যে, সচেতন মহলে বিদ্যালয়খনৰ বিষয়ে দিয়া অভিযোগৰ ভিত্তিত আমাৰ সাংবাদিকে মহন্ত উপাধিধাৰী প্ৰধান শিক্ষকগৰাকীক ফোনযোগে কথা পাতি তেওঁৰ লগতে শিক্ষয়িত্ৰীগৰাকীক সচেতন ৰাইজৰ হৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰাৰ বাবে বিদ্যালয়খনলৈ যোৱাৰ সন্দৰ্ভত কথা কওঁতে তেওঁ পলৰীয়া স্বভাৱ গ্ৰহণ কৰে। সেয়েহে, এতিয়া প্ৰতিজন সচেতন ব্যক্তিয়ে শিক্ষয়িত্ৰীগৰাকীৰ লগতে প্ৰধান শিক্ষকীয়ে দিব্যাংগ ছাত্ৰীগৰাকীক এনে নিৰ্যাতন চলোৱাৰ অধিকাৰ ক’ত পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিষয় সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ হস্তক্ষেপ বিচাৰিছে। উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ নিৰ্যাতনৰ সন্দৰ্ভত আভিভাৱকে লিখিতভাৱে প্ৰধান শিক্ষক গৰাকীক জনোৱাৰ পাছতো কৰৱী শালৈক কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাটোৱে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment