Daily Time Axom

পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা

0 18

নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত আৰু সাপ্তাহিক কাকত গণমাৰ্গৰ সহযোগত আজি পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্ম জয়ন্তীৰ লগত
সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়ত আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিত‍াৰ অনুষ্ঠিত কৰা হয়। ” আনন্দৰাম বৰুৱা আৰু বিখ্যাত অসমীয়া” শীৰ্ষক বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতাত বাৰটা দলে অংশগ্ৰহণ কৰে। চৈইদ আব্দুৰ ৰছিদ চৌধুৰীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কনিহাস্থিত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মঞ্জিষ্টা কুমাৰে, ৰংমহল হাইস্কুলৰ বিবেক শৰ্মা আৰু উদায়াদিত্য দ্বিতীয় স্থান আৰু একেখন বিদ্যালয়ৰ বৰ্ণালী দাস আৰু অংকিতা চৌধুৰীয়ে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক ৰুক্মিণী বৰুৱা আৰু মিনতি বৰুৱাৰ সোঁৱৰণিত নগধ ধন, মানপত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰা হয়। বটাঁ বিতৰণী সভাত নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উপদেষ্টা জেষ্ঠ সাংবাদিক দ্বীপেন বায়ন, সভাপতি ৰঞ্জন দত্ত, সম্পাদক কৌশিক দাস, সাংগঠনিক সম্পাদক উৎপল ৰঞ্জন মেধী সাপ্তাহিক কাকতৰ সম্পাদক অজিত নাথ উপস্থিত থাকে। উল্লেখ্য কুইজ পৰিচালন কৰাত বিশেষ সহায় কৰে আনন্দৰাম উচ্চ বুনিয়াদি বিদ্যালয়ৰ শিক্ষয়িত্ৰী উপাসনা সন্দিকৈয়ে।

Leave A Reply

Your email address will not be published.