পাহাৰৰ ৰঙামাটিয়ে জীয়াতু ভুগাইছে ৰাইজক

উত্তৰ গুৱাহাটী – বেজেৰা অভিমুখী পথচোৱা হৈ পৰিছে বোকাময় । মান্দাকাটা বেটালিয়ন শিবিৰৰ সমীপৰ পথটো বছৰ বছৰ ধৰি বোকাময় হৈয়ে আহিছে । পথত জমা হোৱা ৰঙামাটিৰ বোকাই পথাছাৰীক জীয়াতু ভোগাই আহিছে এই অঞ্চলত । দৈনিক সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা । এছাম অসাধু লোকে পাহাৰৰ মাটি খনন কৰি যধেমধে সৰবৰাহ কৰাৰ বাবে কেইবা ঠাইতো পথছোৱা বোকাত পোত গৈছে । বৰষুণত নামি অহা পাহাৰৰ বোকা মাটি আঁতৰোৱাৰ বাবে লোক নিৰ্মাণ বিভাগৰ লোক নামি পৰিছে যদিও সন্তুষ্ট নহয় ৰাইজ । অভিযোগ পাহাৰৰ বোকামাটিয়ে ঘৰৰ ভিতৰ পৰ্যন্ত পাইছেগৈ । পাহাৰ খননে এতিয়া জনসাধাৰণৰ যাতায়ত ব্যবস্থালৈ ভাবুকি কঢ়িয়াই আনিছে। এতিয়া অঞ্চলটোৰ ৰাইজ ক্ষোভত ফাটি পৰিছে চৰকাৰ প্ৰশাসনৰ চকু মুদি থকা অৱস্থাৰ ফালে লক্ষ্য কৰি। যাৰবাবে একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে জনজীৱনৰ বাবে ভাবুকি অনা ভুমি খনন কাৰী অসাধু চক্ৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে সমুচিত পদক্ষেপ লবনে ? পাহাৰৰ ৰঙামাটিৰ বাবে জীয়াতু ভুগি থকা অঞ্চলটিৰ এই সমস্যা দুৰ কৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা স্থায়ী সমাধান বিছাৰিছে ভুক্তভোগী ৰাইজে ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment