অকল এজনৰ পাট্টা মাটিয়েদি গাঁৱলীয়া পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।কাষতে থকা আন এজনৰ মাটিয়েদি পথ নিৰ্মাণ নকৰাকৈ এজনৰ মাটিয়েদি পথ নিৰ্মাণক লৈ ক্ষোভিত হৈছে পৰিয়ালটো।উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত বহলপুৰ মিস্ত্ৰী পাৰা গাঁৱত এটা গাঁৱ লীয়া পথৰ কাম আৰম্ভ কৰিছে।
জানিব দিয়া মতে উক্ত গাঁৱৰে সুশীল চন্দ্ৰ সৰকাৰ নামৰ ব্যক্তিজনে পূৰ্বতে পথৰ বাবে তেখেতৰ পাট্টা মাটি এৰি দিছে।
কিন্তু পুনৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগে লগে কাষত থকা অইন মানুহৰ মাটিয়েদি পথ নিৰ্মাণ নকৰাকৈ একেজন মানুহৰে পাট্টা মাটি ঠেলি পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে।
ফলত ঘৰ দুৱাৰ ভাঙি যোৱাৰ আশংকাত ভুগি থকাৰ কথা ব্যক্ত কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে।
সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কতৃপক্ষই পৰিয়ালটোক উচিত ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।