তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে আজি তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তান্তীয়ে
অসম চৰকাৰৰ কেবিনেটে শেহেতীয়াকৈ চান্তালী ভাষাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা প্ৰদানৰ সিদ্ধান্তক আদৰণি জনায়৷
চাওতালী জনবসতি এলেকাত চান্থালী ভাষাত শিক্ষা প্ৰদান কৰিলেহে লাভান্বিত হব বুলি মন্তব্য কৰে উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে চাহবাগিছা এলেকাত উড়িয়া ভাষাতো পাঠদান কৰাৰ বাবে আহ্বান জনায় ৷ কিয়নো উড়িয়া সকলৰ নিজস্ব ভাষা আৰু লিপি আছে ৷ আনহাতে অসমৰ চাহবাগিছাত সমুহত ৪৫ লাখতকৈ অধিক উড়িয়া জনগোষ্ঠীৰ লোকে বাস কৰে বুলি উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে কয় , প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিকলৈ বিদ্যালয় সমুহত উড়িয়া ভাষাৰ পাঠদান কৰাৰ লগতে শিক্ষক নিযুক্তিৰ দাবী সংগঠনটোৱে বহু দিন আগৰে পৰা কৰি আহিছে ৷
সেই বিষয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কথাৰ দোহাৰী তেওঁ কয়, চাহবাগিছা অঞ্চলটোত যিহেতু চান্থাল জনগোষ্ঠীৰ লোক বসবাস নকৰে তেনে ক্ষেত্ৰত এটা ভাষাত শিক্ষা গ্ৰহন কৰাত সমস্যাৰ সৃষ্টি হব ৷ গতিকে উড়িয়া ভাষাত পাঠদানৰ ব্যবস্থা কৰিলেহে ছাত্ৰ ছাত্ৰী সকল উপকৃত হ’ব বুলিও মন্তব্য কৰে ৷