Daily Time Axom

ধিঙত এ আই ইউ ডি এফৰ অৱস্থান ধৰ্মঘট

0 33

মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আজি এ আই ইউ ডি এফয়ে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী
পালন কৰে। জানিব পৰা মতে,চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা লোক সকলক বিজেপি চৰকাৰে খেদি পঠিয়াই অঘৰী কৰাৰ অভিসন্ধিৰে ষড়যন্ত্ৰমূলক ভাবে ওৰাং অভয়াৰণ্য সংযোজন কৰাৰ প্ৰতিবাদত আজি এ আই ইউ ডি এফৰ উদ্যোগত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে দলটোৱে। এই ধৰ্মঘট কাৰ্য্যসূচীত এ আই ইউ ডি এফৰ কৰ্মী সকলে হাতে- হাতে প্লে কাৰ্ড লৈ বিকল্প সংস্থাপন অবিহনে উচ্ছেদ অভিযান বন্ধ কৰক , সাম্প্ৰদায়িক আক্ৰোশমূলক উচ্ছেদ বন্ধ কৰক , অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে ধিঙৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে ধিং চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য মন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উক্ত ধৰ্মঘট কাৰ্যসূচীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.