জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে জাপানত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
হিৰোচিমাত উপস্থিত হোৱাৰ পাছতে পাকিস্তানক বাৰ্তা দিলে মোদীয়ে। তেওঁ কয় যে পাকিস্তানে দ্বিপাক্ষিক আলোচনা আৰু স্বাভাৱিক সম্পৰ্ক বজাই ৰাখিবলৈ এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। মোডীৰ ভাষাত দিল্লীয়ে চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে স্বাভাৱিক আৰু সুস্থ সম্পৰ্ক বজাই ৰাখিব বিচাৰে। সেই উদ্দেশ্যে সন্ত্ৰাসবাদৰ পৰা মুক্ত পৰিৱেশ গঢ়ি তোলা আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো ইছলামবাগৰ দায়িত্ব।এছিয়াৰ অন্যতম আগশাৰীৰ ব্যৱসায়িক সংবাদ মাধ্যমৰ গোট নিকেই এছিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মোদীয়ে কয় যে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে স্বাভাৱিক সম্পৰ্ক বজাই ৰাখিব বিচাৰে। কিন্তু সন্ত্ৰাসবাদ আৰু শত্ৰুতামুক্ত পৰিৱেশ গঢ়ি তোলাটো পাকিস্তানৰ দায়িত্ব। ইয়াৰ পূৰ্বে ভাৰতে সদায় পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ আৰু সন্ত্ৰাসবাদক আশ্ৰয় দিয়া আৰু সহ্য কৰাৰ পৰা আঁতৰি থাকিবলৈ বাৰ্তা দিয়ে।