সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰেঃ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই
অসম নিবনুৱা সমস্যা দিনকে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও দুৰ্নীতি আৰু অনিয়ম সংঘটিত বিভিন্ন ঘটনা পোহৰলৈ আহিছে । বিভিন্ন বিভাগৰ ভয়াৱহ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিভিন্ন দল সংগঠনে বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধান আৰু চৰকাৰী বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত স্বচ্ছ হোৱাৰ বিষয়ে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে । তেনেসময়ত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিক লৈ সৰৱ হৈ পৰিছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। অসমত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ তীব্ৰ বিৰোধীতা কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে শিৱসাগৰ আমগুৰি সমষ্টিত এক সংবাদ মেল সম্বোধন কৰে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে শিক্ষা বিভাগত মুঠ ৫৩২০ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ যো-জা চলাই থকাৰ সময়তে জাতীয় সংগঠনটোৱে অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে সংবাদ মেলৰ জৰিয়তে। অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত আমগুৰি আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতা তথা কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ, সহ সচিব আকাশ বীৰ শইকীয়া আৰু আমগুৰি আঞ্চলিক সমিতিৰ অংকুৰ জ্যোতি গগৈ উপস্থিত থাকি সংবাদ মেল সম্বোধন কৰে । সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে , যি সময়ত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে সেই সময়ত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিব ওলোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বা হব নোৱাৰে । যোৱা দুটা বছৰে ৰাজ্যত শান্তি-শৃংখলা জনিত পৰিবেশৰ উত্তৰণ ঘটিছে বুলি দাবী কৰা তথা ঘোষণা কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ কেইবাখনো জিলাত অদ্যাপি বাহাল হৈ থকা “আচফা” আইনখন খাৰিজ কৰাৰো দাবী জনাই সংগঠনটোৰ হৈ বিষয়ববীয়াই ।