Daily Time Axom

বিজনী ভাঙনামাৰীত SSB ৰ অভিযানত চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ

0 43

চিৰাঙৰ বিজনীৰ ভাংনামাৰীত শনিবাৰে SSB ৰ অভিযানত চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰা হয় । জব্দকৃত ডাম্পাৰ খনৰ নম্বৰ AS-15AC- 3402 ।

SSB য়ে ডাম্পাৰ খনৰ চালক আলিমুদ্দিন(৩৬) আৰু হেণ্ডিমেন মমিনুল ইছলামক(১৫) আটক কৰে । ইয়াৰে চালক আলিমুদ্দিন বৰপেটা জিলাৰ সৰভোগৰ জামাদাৰবাৰী নিৱাসী । আনহাতে, হেণ্ডিমেন মমিনুল বৰপেটা জিলাৰ বাতাবাৰীৰ বেকীৰ পাৰৰ বাসিন্দা ।

একেদৰেই SSB ৰ অভিযানকাৰী দলটোৱে বিজনীৰ আলুখুন্দাৰ পৰা AS- 26C- 7493 নম্বৰৰ চালানবিহীন শিল-বালি কঢ়িওৱা এখন ট্ৰেক্টৰ জব্দ কৰাৰ লগতে ট্ৰেক্টৰৰ চালক বিজনীৰ পাণবাৰীৰ বগীদাৰা নিৱাসী ইক্ৰাম আলীক(১৯) আটক কৰে । তাৰোপৰি বিজনীৰ জামদহাৰ পৰা চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা নম্বৰ প্লেটবিহীন আন এখন ট্ৰেক্টৰ জব্দ কৰে SSBয়ে।

পাছত জব্দকৃত ডাম্পাৰ আৰু ট্ৰেক্টৰ বনবিভাগৰ বিজনী ডিপোট কাৰ্যালয়ত চমঝাই দিয়ে SSBয়ে।

Leave A Reply

Your email address will not be published.