শিক্ষানুষ্ঠানত শিক্ষকৰ বাবে DRESS CODE, শিক্ষকসকলে নামানিলে লোৱা হ’ব বিহিত ব্যৱস্থা

নিউজ ডেস্ক, ২০ মে’- ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কৰ্তব্যৰত অৱস্থাত পৰিধান কৰিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, লেগিংছ।

শিক্ষকসকলে জিনছ, টি-চাৰ্টৰ সলনি ফৰ্মেল ছাৰ্ট-পেণ্ট পিন্ধিব লাগিব। আনহাতে শিক্ষয়িত্রীয়ে পিন্ধিব লাগিব মাৰ্জিত শাড়ী, মেখেলা-চাদৰ। অৱশ্যে ইয়াৰ বিপৰীতে মাৰ্জিত চুড়িদাৰ-কামিজ পিন্ধিব পাৰিব শিক্ষয়িত্রীয়ে।

এই নিৰ্দেশনা অমান্য কৰা শিক্ষকৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। অৱশ্যে শিক্ষানুষ্ঠানত থকা সময়ছোৱাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

AssamAssamese NewsDaily time axomDress CodeIndiaRanoj PeguSchool Teachers