নিউজ ডেস্ক, ২০ মে’- আজি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই । আনহাতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। লগতে কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰো দায়িত্বভাৰ প্ৰদান কৰা হ’ব শিৱকুমাৰক।
কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব অনুষ্ঠানটিত।আজি ১২.৩০ বজাত বেংগালুৰুৰ কান্তিৱাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ।
এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাও, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডি, এন চি পিৰ মুৰব্বী শৰদ পাৱাৰ, বি এছ পিৰ মুৰব্বী মায়াৱতী।