জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা, দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ মে’- জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু। শ্ৰমিক কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। আনহাতে আহত হৈছে কেইবাগৰাকীও শ্ৰমিক।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এটা পাহাৰৰ তললৈ বিদ্যুৎ প্ৰকল্পৰ কৰ্মী কঢ়িয়াই নিয়া এখন বাহন বাগৰি পৰাৰ ফলত ঝাৰখণ্ডৰ দুজনসহ ৭ জন লোক নিহত হয় আৰু আন তিনিজন গুৰুতৰভাৱে আহত হয়।

পুৱা প্ৰায় ৮.৩৫ বজাত দূৰৱৰ্তী দাচ্চান অঞ্চলৰ দাংদুৰু বিদ্যুৎ প্ৰকল্পস্থলীৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে শোক প্ৰকাশ কৰে।

AccidentAssamese NewsDaily time axomIndiaInjuredJammu&KashmirKilledKishtwar